তলত দিয়া কথাখিনি পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্নবোৰৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষিপ্ত উত্তৰ দিয়া :
দুখৰ ক্ষেত্ৰত ভয়ৰ যি স্থান, আনন্দৰ ক্ষেত্ৰত উদ্যমৰো সেই একেই স্থান । কষ্ট আৰু ক্ষতি সহিবৰ কাৰণে সাহসৰ প্ৰয়োজন হোৱা কাৰ্যসমূহৰ আনন্দকে উদ্যম বুলি ক’ব পাৰি । কষ্ট আৰু ক্ষতিৰ স্তৰ অনুযায়ী উদ্যমৰো কেইটিমান স্পষ্ট ভাগ আছে । সাহিত্য সমালোচকসকলে ইয়াকে যুদ্ধবীৰ, দানবীৰ, দয়াবীৰ আদি ভাগত ভাগ কৰিছে । এইবোৰৰ ভিতৰত আটাইতকৈ প্ৰাচীন আৰু প্ৰধান হৈছে যুদ্ধক্ষেত্ৰৰ বীৰত্ব; য’ত আঘাত, কষ্ট আনকি মৃত্যুও নগন্য হৈ পৰে । ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা এই প্ৰকাৰৰ বীৰত্বৰ অনুশীলন হৈ আহিছে; য’ত সাহস আৰু প্ৰয়াস উভয়ে চৰম শিখৰ চুইছে । কিন্তু কেৱল দুখ আৰু যাতনা সহিব পৰা গুণৰ পৰাই উদ্যমৰ সৃষ্টি নহয় । ইয়াৰ সৈতে আনন্দপূৰ্ণ প্ৰয়াস আৰু উৎসাহ সংযুক্ত হ’ব লাগিব । অচেতন নকৰাকৈ ডাঙৰ ফোঁহা এটাৰ অস্ত্ৰোপচাৰ কৰাটো সাহস হ’ব পাৰে, কিন্তু তাক উদ্যম বুলি ক’ব নোৱাৰি । সেইদৰে নীৰৱে, হাত-ভৰি লৰচৰ নকৰাকৈ যুদ্ধৰ প্ৰহাৰ সহ্য কৰিবলৈ সাজু হৈ থকাটো সাহস আৰু কঠিনতকৈও কঠিন আঘাত সহ্য কৰিও নিজৰ ঠাইৰ পৰা আঁতৰি নোযোৱাটোক দৃঢ়তা বুলিব পাৰি । এনেকুৱা সাহস আৰু দৃঢ়তাক উদ্যম বুলি ক’ব পৰা যায়, যদিহে সাহসী আৰু ধৈৰ্যশীলজনে প্ৰহাৰ সহিবলগীয়া হোৱা কামটো আনন্দ মনেৰে গ্ৰহণ কৰে । মূলকথা এইটোৱেই যে আনন্দপূৰ্ণ প্ৰয়াস তথা ইয়াৰ আগ্ৰহতহে উদ্যম দেখা যায়, কেৱল নিষ্ক্ৰিয়ভাৱে কষ্ট সহি যোৱাত নহয় । দৃঢ়তা আৰু সাহস উভয়ে উদ্যমৰ মাধ্যমেৰে সঞ্চাৰিত হয় ।
দানবীৰ সকলৰ নিজৰ ধন-সম্পদ ত্যাগ কৰা আৰু তাৰ ফলত হ’ব পৰা ক্ষতি সহ্য কৰাৰ সাহস থাকে । প্ৰকৃত দান বা উদাৰতা বুলি তেতিয়াহে কোৱা হ’ব, যেতিয়া দান দিয়াৰ কাৰণে দান দিওঁতাজনে জীৱন নিৰ্বাহত কিবা প্ৰকাৰৰ সংকটৰ সম্মুখীন হ’বলগীয়া হয় । এই সংকটৰ পৰিমান যিমানে বেছি হয়, সিমানেই উদাৰতাৰ পৰিমানো বৃদ্ধি পায় । কিন্তু এই ধন-সম্পদ ত্যাগ কৰাৰ সাহসত যেতিয়ালৈকে আন্তৰিকতা, আগ্ৰহ আৰু আনন্দেৰে কৰা নেযায়, তেতিয়ালৈকে উদ্যমৰ প্ৰকৃত স্বৰূপো প্ৰকাশ নেপায় ।
যুদ্ধৰ উপৰিও পৃথিৱীত আৰু কিছুমান কঠিন কাৰ্য থাকে; য’ত চূড়ান্ত শাৰীৰিক কষ্ট সহিব লগা হয় । আনকি মৃত্যুৰ সম্ভাৱনাও থাকে । গৱেষণাৰ উদ্দেশ্যেৰে বৰফেৰে আবৃত সুউচ্চ পৰ্বত, চাহাৰা মৰুভূমি বা মেৰু অঞ্চলত কৰা ভ্ৰমণ, অচিনাকী গভীৰ অৰণ্যত বাস কৰা হিংস্ৰ, বৰ্বৰ জাতিৰ মানুহৰ মাজত প্ৰৱেশ কৰা আদি কামবোৰ সাহস আৰু পৰাক্ৰমৰ পৰিচায়ক । এনে কামবোৰ যদি মানুহে আনন্দপূৰ্ণ আগ্ৰহেৰে কৰে, সেয়াও একপ্ৰকাৰৰ উদ্যমৰে অভিব্যক্তি ।
(a) উদ্যমত সাহসৰ ভূমিকা সম্পৰ্কে স্পষ্টকৈ লিখা ।
(b) দৃঢ়তা বুলিলে কি বুজা যায় ?
(c) উদ্যম কেনেদৰে আহৰণ কৰিব পাৰি ?
(d) আনন্দপূৰ্ণ আগ্ৰহ আৰু উদ্যমৰ মাজত সম্পৰ্ক বিচাৰ কৰা ।
(e) দান দিওঁতাজনে দান দিয়া কাৰ্যৰ বাবে কি সহন কৰিবলগীয়া হয় ?
60 marks · directive: Comprehension
The core of a good answer
The passage argues that udyam (zeal, enterprise) is joyful, eager effort in a task that needs the courage to bear hardship or loss: courage and endurance by themselves are not udyam, which appears only when the hard work is taken up with joy, as with the warrior, the generous giver and the explorer.
An outline written by upsc.help, not an official UPSC answer; every fact checked by a separate review. How we work
What the question asks
Five questions of 12 marks each (12×5=60). Each answer must come from the passage, written in clear, correct and concise Assamese in your own sentences; a few lines per answer is enough. Do not add outside material. The key distinction is between সাহস and দৃঢ়তা (courage, steadfastness) on one side and উদ্যম (joyful, eager effort) on the other.
Answer outline
Introduction
Read the whole passage once for its central claim (উদ্যম has the same place among joys that ভয় has among sorrows), then find the sentences that answer each question.
(a)
- Courage is a necessary part of udyam: the joy found in tasks that need courage to bear hardship and loss is called udyam: "কষ্ট আৰু ক্ষতি সহিবৰ কাৰণে সাহসৰ প্ৰয়োজন হোৱা কাৰ্যসমূহৰ আনন্দকে উদ্যম বুলি ক’ব পাৰি".
- But courage alone does not create udyam: "কিন্তু কেৱল দুখ আৰু যাতনা সহিব পৰা গুণৰ পৰাই উদ্যমৰ সৃষ্টি নহয়"; joyful effort and enthusiasm must be joined to it: "ইয়াৰ সৈতে আনন্দপূৰ্ণ প্ৰয়াস আৰু উৎসাহ সংযুক্ত হ’ব লাগিব".
- Example from the passage: having a large boil operated on without being made unconscious is courage, not udyam: "অচেতন নকৰাকৈ ডাঙৰ ফোঁহা এটাৰ অস্ত্ৰোপচাৰ কৰাটো সাহস হ’ব পাৰে, কিন্তু তাক উদ্যম বুলি ক’ব নোৱাৰি".
(b)
- Steadfastness (দৃঢ়তা) is bearing even the hardest blows without moving from one's place: "কঠিনতকৈও কঠিন আঘাত সহ্য কৰিও নিজৰ ঠাইৰ পৰা আঁতৰি নোযোৱাটোক দৃঢ়তা বুলিব পাৰি".
- It is set beside courage, which is being ready to bear blows silently without flinching: "নীৰৱে, হাত-ভৰি লৰচৰ নকৰাকৈ যুদ্ধৰ প্ৰহাৰ সহ্য কৰিবলৈ সাজু হৈ থকাটো সাহস".
- Steadfastness becomes udyam only if the person accepts the hard task with a joyful mind: "যদিহে সাহসী আৰু ধৈৰ্যশীলজনে প্ৰহাৰ সহিবলগীয়া হোৱা কামটো আনন্দ মনেৰে গ্ৰহণ কৰে".
(c)
- Udyam is attained through joyful effort and eagerness, not by passively bearing pain: "আনন্দপূৰ্ণ প্ৰয়াস তথা ইয়াৰ আগ্ৰহতহে উদ্যম দেখা যায়, কেৱল নিষ্ক্ৰিয়ভাৱে কষ্ট সহি যোৱাত নহয়".
- In giving, the sacrifice must be made with sincerity, eagerness and joy, or the true nature of udyam is not revealed: "আন্তৰিকতা, আগ্ৰহ আৰু আনন্দেৰে".
- Hard and risky tasks (journeys for research to snow-covered peaks, the Sahara or polar regions, entering among fierce peoples in unknown deep forests) also become udyam when done with joyful eagerness: "এনে কামবোৰ যদি মানুহে আনন্দপূৰ্ণ আগ্ৰহেৰে কৰে, সেয়াও একপ্ৰকাৰৰ উদ্যমৰে অভিব্যক্তি".
(d)
- Joyful eagerness is what turns courage and endurance into udyam; the two cannot be separated, since the passage places udyam among the joys: "দুখৰ ক্ষেত্ৰত ভয়ৰ যি স্থান, আনন্দৰ ক্ষেত্ৰত উদ্যমৰো সেই একেই স্থান".
- Without sincerity, eagerness and joy, the real form of udyam does not appear: "তেতিয়ালৈকে উদ্যমৰ প্ৰকৃত স্বৰূপো প্ৰকাশ নেপায়".
- Through udyam, both steadfastness and courage are expressed: "দৃঢ়তা আৰু সাহস উভয়ে উদ্যমৰ মাধ্যমেৰে সঞ্চাৰিত হয়".
(e)
- The giver gives up wealth and property and must have the courage to bear the loss that follows: "নিজৰ ধন-সম্পদ ত্যাগ কৰা আৰু তাৰ ফলত হ’ব পৰা ক্ষতি সহ্য কৰাৰ সাহস থাকে".
- True giving is when the giver, because of the gift, must face some hardship in making a living: "দান দিয়াৰ কাৰণে দান দিওঁতাজনে জীৱন নিৰ্বাহত কিবা প্ৰকাৰৰ সংকটৰ সম্মুখীন হ’বলগীয়া হয়".
- The greater this hardship, the greater the generosity: "এই সংকটৰ পৰিমান যিমানে বেছি হয়, সিমানেই উদাৰতাৰ পৰিমানো বৃদ্ধি পায়".
Conclusion
Write each answer in two to four Assamese sentences, in your own words, keeping close to the passage.
Facts to remember
- In the passage, সাহস is readiness to bear blows without flinching, দৃঢ়তা is not leaving one's place under the hardest blows, and উদ্যম is either of these joined to joyful, eager effort.
- The passage names three kinds of heroism: যুদ্ধবীৰ, দানবীৰ and দয়াবীৰ, and calls battlefield heroism the oldest and chief of them.