Pratidin
2026 · Assamese Compulsory Paper (Qualifying) · 60 marksMainsQuestion 3

তলত দিয়া কথাখিনিৰ সাৰাংশ এক-তৃতীয়াংশ শব্দৰ ভিতৰত লিখা । শিৰোনাম দিয়াৰ আৱশ্যকতা নাই । সাৰাংশ তোমাৰ নিজৰ ভাষাত লিখিব লাগিব ।

এগৰাকী ভাল শ্ৰোতা হ’ব পৰাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আকৰ্ষনীয় জীৱন কৌশলসমূহৰ ভিতৰত অন্যতম । তথাপিও আমাৰ মাজৰ বহু কম সংখ্যক লোকেহে এই কৌশলটো জানে । তাৰ কাৰণ এইটো নহয় যে আমি বেয়া, বৰঞ্চ তাৰ কাৰণটো হৈছে আমাক কোনোৱে এই বিষয়ে শিকোৱা নাই । ইয়াৰ সৈত্যে জড়িত আৰু এটা কাৰণ হৈছে যে মাত্ৰ কেইগৰাকীমানেহে আমাৰ কথা মনোযোগেৰে শুনে । সেইবাবে সামাজিক জীৱনত আমি আনৰ কথা শুনাতকৈ বৈছিকৈ নিজৰ কথা কোৱাৰ মোহত বন্দী হৈ পৰো । আনক লগ পোৱাৰ বাবে আমাৰ ব্যগ্ৰতা থাকে, অথচ তেওঁৰ কথা শুনাৰ আগ্ৰহ নেথাকে । ফলত লাহে লাহে বন্ধুত্ব এটা সমাজবদ্ধ ইগ’লৈ পৰিৱৰ্তিত হয় । ভাল শ্ৰোতাসকলে এনেকুৱা কিছুমান
কাম কৰে যিবোৰ তেওঁলোকৰ সৈতে কটোৱা সময়খিনি উপভোগ্য কৰি তোলে । বহুক্ষেত্ৰত আমি একোটা এনে প্ৰসঙ্গৰ কথা আলোচনা কৰো, যিটো জৰুৰী, অথচ কেনেবাকৈ স্পষ্টও নহয় । তেনেকুৱা কিবা এটাৰ দ্বাৰা উৎসাহিত হৈ আমি ক’ব নোৱৰাকৈয়ে কথোপকথন আৰম্ভ কৰো । কেতিয়াবা আমি নিজৰ কামক লৈ উদ্বিগ্ন, কেতিয়াবা কৰ্মক্ষেত্ৰত কেৰিয়াৰৰ উচ্চাকাংক্ষাক লৈ চিন্তিত । আমি নিশ্চিত হ’ব নোৱাৰো দৰাচলতে আমাৰ কাৰণে কোনটো প্ৰয়োজনীয় । এইটো নে সেইটো – আমাৰ কাৰণে কোনটো সঠিক হ’ব নিশ্চিত নহয় । হয়তো এটা সম্পৰ্কত জটিলতা আহি পৰিছে, আমি কিবা এটাক লৈ অস্থিৰ হৈ পৰিছো । অথবা সামগ্ৰিকভাৱে জীৱনক লৈ নিৰাশ অনুভৱ কৰিছো (ঠিক কি হৈছে বা কি ঘটিছে খাটাংকৈ আঙুলিয়াই দিব পৰা নাই); অথবা আমি কিবা এটাক লৈ খুবেই উৎকন্ঠিত আৰু উৎসাহী, কাৰণটো কি ধৰিবলৈ সহজ নহয় ।

মূলতঃ এই সকলো বিষয়েই স্পষ্টতাৰ সন্ধান কৰে । ভাল শ্ৰোতা এজনে জানে যে খেলিমেলি হৈ থকা মানসিক অৱস্থাৰ পৰা আমি আন কাৰোবাৰ সৈতে কথা-বতৰা পতাৰ মাধ্যমেৰে অধিক শান্ত মানসিক অৱস্থালৈ যাব পাৰো । তেওঁলোকৰ সৈতে কথা পাতি আমি উলিয়াব পাৰিম – কথাবোৰ ক’ত জঁট লাগি আছে । কিন্তু বাস্তৱত সাধাৰণতে এইটো হৈ নুঠে । কাৰণ কথোপকথনৰ মাধ্যমেৰে
স্পষ্টতা বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে পৰ্যাপ্ত পৰিমানে সজাগতা নাই । ভাল শ্ৰোতাৰ সংখ্যাও যথেষ্ট নহয় । গতিকে মানুহে বিশ্লেষণ কৰাতকৈ নিজৰ কথাতহে লাগি থাকে । তেওঁলোকে বিভিন্ন ধৰণে এই সত্যটোহে দোহাৰে যে তেওঁলোক উদ্বিগ্ন, উৎকন্ঠিত, দুখী অথবা আশাবাদী আৰু তেওঁলোকৰ কথোপকথনৰ সঙ্গীজনে হয়তো শুনে, কিন্তু গভীৰভাৱে বুজাত সহায় কৰিব নোৱাৰে । ভাল শ্ৰোতা এজনে কথোপকথন কৌশলৰ দ্বাৰা-এনেবোৰ পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিব পাৰে ।

আনে যেতিয়া কথা কয় ভাল শ্ৰোতাসকলে একাত্ম হৈ শুনে, তেওঁলোকে সমৰ্থনত উৎসাহপূৰ্ণ মন্তব্য দিয়ে, তেওঁলোকে কিছুমান ইতিবাচক ভঙ্গিমা প্ৰদৰ্শন কৰে-মূৰ দুপিয়ায়, কেতিয়াবা একোটা হুমুনিয়াহ কাঢ়ে, কৌশলেৰে ‘হুম’ বুলি উচ্চাৰণ কৰি আগ্ৰহ প্ৰদৰ্শন কৰে । গোটেই সময়ছোৱাত তেওঁলোকে কওঁতাজনক বিষয়বস্তুৰ আৰু গভীৰলৈ যাবলৈ উৎসাহিত কৰে । তেওঁলোকে প্ৰায়ে ক’বলৈ ভাল পায় ''মোক এই বিষয়ে আৰু অলপ বহলাই কোৱাচোন...'', ''তুমি সেই কথাটো কওঁতে মই বৰ আকৰ্ষিত হৈছিলো'', ''কিয় তেনেকুৱা হ’ল বুলি তুমি ভাবা'', অথবা ''সেই বিষয়ে তুমি কি অনুভৱ কৰা ?'' ভাল শ্ৰোতাই মনতে ধৰিয়েই লয় যে আন পক্ষৰ কথোপকথনত স্বাভাৱিকতে অস্পষ্টতা থাকিব । কিন্তু তাৰ বাবে তেওঁলোকে
গৰিহনা নিদিয়ে বা অধৰ্য্য হৈ নুঠে । কাৰণ তেওঁলোকে জানে যে এই অস্পষ্টতা বিশ্বজনীন আৰু মানসিক অস্থিৰতাৰ প্ৰকাশ । এনে পৰিস্থিতিত সহায় কৰাটো ভাল বন্ধুৰ কৰ্তব্য । বহু সময়ত আমাৰ মনৰ মাজত কিবা এটা চলি থাকে । কিন্তু তাৰ কাৰণটো আমি বিচাৰি উলিয়াব নোৱাৰোঁ । আমাক কিহে আমনি কৰি আছে বা কিহে উৎকন্ঠিত কৰি আছে ধৰিব নোৱাৰোঁ । ভাল শ্ৰোতা এজনে জানে যে ক’বলৈ উৎসাহ পালে আৰু বেছি গভীৰলৈ গৈ বিস্তৃতভাবে কওঁ আৰু ইয়াৰ দ্বাৰা বহুলভাৱে লাভবান হওঁ । অমাক এনে এজন শ্ৰোতা লাগে যি উপদেশ দিয়াতকৈ দুটা তেনেই যাদুকৰী শব্দ কয় – ''কোৱা আৰু কোৱা'' । আমি সহোদৰ এজনৰ কথা উল্লেখ কৰোঁ আৰু তেওঁলোকে আৰু অলপ বৈছিকৈ জানিব বিচাৰে – শৈশৱত সহোদৰজনৰ সৈতে কেনে আছিল, পাছলৈ সময়ৰ লগে লগে সেই সম্পৰ্ক কেনেকৈ সলনি হল ইত্যাদি । আমাৰ উদ্বিগ্নতা আৰু উৎকন্ঠাৰ মূল কাৰণ কি সেই কথা জানিবলৈ তেওঁলোক সদায় আগ্ৰহী । তেওঁলোকে এনে ধৰণৰ প্ৰশ্ন সোধে – ''বিশেষকৈ সেই কথাটোৱেই তোমাক কিয় আমনি কৰে'', ''সেইটো তোমাৰ কাৰণে কিয় ইমান ডাঙৰ কথা আছিল'' । তেওঁলোকে আমাৰ আগৰ কথাবোৰ মনত ৰাখে, আমি আগতে কোৱা কিবা এটা কথা প্ৰসঙ্গক্ৰমে উনুকিয়াব পাৰে আৰু আমাৰ – এনে লাগে যেন তেওঁলোকে আমাৰ সৈতে অধিক ঘনিষ্ঠ হোৱাৰ ভেটি গঢ়ি তুলিছে । অস্পষ্ট মন্তব্য এটা কৰাটো তেনেই সহজ কাম । আমি সাধাৰণভাৱে কৈ দিব পাৰোঁ
যে – কিবা এটা মৰম লগা, ভয়ানক, সুন্দৰ অথবা আমনিদায়ক । কিন্তু আমি বাস্তৱত এই কথা বুজিবলৈ প্ৰয়াস নকৰোঁ । কিয়নো সেইকথা আমি অনুভৱ নকৰোঁ । ভাল শ্ৰোতা এজনৰ আমাৰ মন্তব্যবোৰৰ বিষয়ে ফলপ্ৰসূ আৰু মৈত্ৰীভাৱৰ সন্দেহ কিছুমান থাকে আৰু তেওঁ সেইবোৰৰ অন্তৰালত লুকাই থকা পৃষ্ঠভূমি বিচাৰ কৰাৰ প্ৰয়াস কৰে ।

(645 শব্দ)

60 marks · directive: Precis

Answer

The core of a good answer

The passage says that good listening is a rare and valuable life skill: much of what we say is unclear even to ourselves, and a good listener, through patient encouragement and gentle questions, helps us move from confused feelings to a clear understanding of their causes.

An outline written by upsc.help, not an official UPSC answer; every fact checked by a separate review. How we work

What the question asks

The passage is printed as 645 words, so the summary must stay within one-third of that, about 215 words (645 ÷ 3 = 215). No title is needed. Write in Assamese and in your own words: keep the main argument and its order, drop the quoted sample questions and the lists of situations, and add no comments of your own.

Answer outline

Introduction

Read the passage twice, mark the main idea of each paragraph, and plan about 200 to 215 words in one or two connected paragraphs.

Main idea 1: listening is a rare skill

Main idea 2: our talk is often unclear

Main idea 3: what good listeners do

Main idea 4: drawing out the real cause

Conclusion

Check the word count (about 215 or fewer), make sure each main idea appears once in order, and remove examples, quotations and repetition.

Facts

Facts to remember

Write a timed answer in the app