তলৰ গদ্যাংশ ইংৰাজী ভাষালৈ অনুবাদ কৰা :
প্ৰাচীন কালৰে পৰা জাহাজ চলোৱা কলা-কৌশলৰ বাবে ভাৰতীয় নাবিকসকল প্ৰসিদ্ধ । প্ৰায় 5000 বছৰৰ আগতেই সাগৰত তেওঁলোকে জাহাজ চলোৱা আৰম্ভ কৰিছিল । সেই সময়ত সমুদ্ৰ যাত্ৰাৰ কাৰণে মাত্ৰ কেইপদমান সঁজুলিহে উপলব্ধ আছিল । আজিকালিৰ দৰে আধুনিক সঁজুলিসমূহৰ ব্যৱহাৰ নাছিল । কিন্তু প্ৰাচীন কালৰ নাবিকসকলৰ বোধকৰোঁ ইন্দ্ৰিয়সমূহ অধিক সজাগ আছিল আৰু বতৰ সম্পৰ্কে অধিক জ্ঞান আছিল । তেওঁলোকে গ্ৰহ-নক্ষত্ৰসমূহ নিৰীক্ষণ কৰিব জানিছিল, বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰিছিল আৰু ৰং চাই সাগৰৰ পানীৰ গভীৰতা নিৰ্দ্ধাৰণ কৰিব পাৰিছিল । সামুদ্ৰিক জীৱসমূহক লক্ষ্য কৰি
তেওঁলোকে স্থলভাগ কিমান দূৰত আছিল অনুমান কৰিব পাৰিছিল আৰু কেতিয়াবা একোখন দেশৰ ভৌগোলিক অৱস্থানো নিখুঁতভাৱে ক’ব পাৰিছিল । তেতিয়াৰ দিনত নৌবিদ্যা শিকাৰ কোনো অনুষ্ঠান নাছিল । গতিকে তেওঁলোকে যি শিকিছিল সেয়া আছিল প্ৰয়াস আৰু প্ৰমাদৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা । কেতিয়াবা দুৰ্ঘটনাও সংঘটিত হৈছিল । কিন্তু তেওঁলোকৰ সাহস আৰু আত্মবিশ্বাসে সমুদ্ৰযাত্ৰা বাহাল ৰাখিবলৈ অনুপ্ৰাণিত কৰিছিল । এই শক্তিৰ ভৰসাতে তেওঁলোকে পশ্চিমত পাৰস্য উপসাগৰ, পূবে আফ্ৰিকাৰ উপকূল, সুদূৰ পূৰ্ব ইণ্ডোনেচিয়া, কম্বোদিয়া, অন্নাম, বৰ্ণিয়, শ্যেলিবিছ আদি দ্বীপসমূহত উপস্থিত হ’বলৈ সক্ষম হৈছিল । 1920 খ্ৰীষ্টাব্দৰ আৰম্ভনি কালতহে নৌবিদ্যা প্ৰশিক্ষণৰ আধুনিক যুগ আৰম্ভ হৈছিল ।
স্বাধীনতাৰ পৰৱৰ্তীকালত ভাৰতত পৰিৱৰ্তনৰ এক মধুৰ ঢৌ উঠিছিল । ভাৰতত জাহাজ চলা পৰম্পৰাৰ যি সূৰ্য কেই শতিকামানৰ আগতে অস্ত গৈছিল, সেই সূৰ্য পুণৰবাৰ উদিত হৈ উজলিবলৈ আৰম্ভ কৰিছিল । ভাৰতীয় জাহাজ চলাচলৰ এই পৰম্পৰা বৰ্তমান সঠিক দিশেৰে অগ্ৰসৰ হৈছে ।
20 marks · directive: Translation
The core of a good answer
The passage describes how ancient Indian sailors, with few instruments, navigated by the stars, the winds, the colour of the sea and marine life, reached lands from the Persian Gulf and Africa to South East Asia, and how India's shipping tradition revived after Independence.
An outline written by upsc.help, not an official UPSC answer; every fact checked by a separate review. How we work
What the question asks
Translate faithfully into plain, grammatical English, keeping the meaning and order of ideas; do not summarise or add. Watch the tenses (past habitual for what the sailors could do, present continuous for the revival), the place names (অন্নাম is Annam, বৰ্ণিয় is Borneo, শ্যেলিবিছ is Celebes), the phrase প্ৰয়াস আৰু প্ৰমাদ (trial and error), and the figurative sentences about the wave of change and the setting and rising sun of the shipping tradition.
Answer outline
Introduction
Read the whole passage first, then translate sentence by sentence; a faithful rendering is given below.
Sentence 1
- Indian sailors have been famous for the art and skill of sailing ships since ancient times.
Sentence 2
- They began sailing ships on the sea about 5000 years ago.
Sentence 3
- At that time only a few instruments were available for sea voyages.
Sentence 4
- Modern instruments like those of today were not in use.
Sentence 5
- But the senses of the sailors of ancient times were perhaps sharper, and they knew more about the weather.
Sentence 6
- They knew how to observe the planets and stars, could tell the direction of the wind, and could judge the depth of the sea water by its colour.
Sentence 7
- By watching sea creatures they could estimate how far away the land was, and sometimes they could even tell the exact geographical position of a country.
Sentence 8
- In those days there was no institution for learning navigation.
Sentence 9
- So whatever they learnt was gained from the experience of trial and error.
Sentence 10
- Sometimes accidents also happened.
Sentence 11
- But their courage and self-confidence inspired them to keep up their sea voyages.
Sentence 12
- Relying on this strength, they were able to reach the Persian Gulf in the west, the coast of Africa in the east, and in the Far East islands such as Indonesia, Cambodia, Annam, Borneo and Celebes.
Sentence 13
- The modern era of training in navigation began only in the early part of 1920.
Sentence 14
- After Independence a pleasant wave of change rose in India.
Sentence 15
- The sun of India's seafaring tradition, which had set some centuries earlier, began to rise again and shine.
Sentence 16
- This tradition of Indian shipping is now moving ahead in the right direction.
Conclusion
Read the English version once more for tense agreement and natural word order, and check that no sentence or name is missing.
Facts to remember
- প্ৰয়াস আৰু প্ৰমাদ is trial and error; নৌবিদ্যা is navigation.
- বোধকৰোঁ means perhaps or probably; it softens the claim, so keep 'perhaps'.