Pratidin

UPSC Mains Assamese Compulsory Paper (Qualifying) previous-year questions

9 Mains Assamese Compulsory Paper (Qualifying) questions from 2026 to 2026, with the official answer where UPSC has published one, an explanation or answer outline, and the news stories that connect to each. Every question is checked against the published paper.

2026

  1. 2026 · Assamese Compulsory Paper (Qualifying) · 100 marksMains

    তলত দিয়া যিকোনো এটা বিষয়ত 600 শব্দৰ ভিতৰত এখন ৰচনা লিখা : (a) ভাৰতৰ অৱধাৰণা আৰু আমাৰ ভৱিষ্যত

  2. 2026 · Assamese Compulsory Paper (Qualifying) · 100 marksMains

    তলত দিয়া যিকোনো এটা বিষয়ত 600 শব্দৰ ভিতৰত এখন ৰচনা লিখা : (b) ডিজিটেল যুগত নাগৰিকৰ কৰ্তব্য

  3. 2026 · Assamese Compulsory Paper (Qualifying) · 100 marksMains

    তলত দিয়া যিকোনো এটা বিষয়ত 600 শব্দৰ ভিতৰত এখন ৰচনা লিখা : (c) ভাৰতৰ মহাকাশ গৱেষণা আৰু মঙ্গলযান

  4. 2026 · Assamese Compulsory Paper (Qualifying) · 100 marksMains

    তলত দিয়া যিকোনো এটা বিষয়ত 600 শব্দৰ ভিতৰত এখন ৰচনা লিখা : (d) স্বাস্থ্যসেৱাৰ সুচলতা আৰু গুণগত মান

  5. 2026 · Assamese Compulsory Paper (Qualifying) · 60 marksMains

    তলত দিয়া কথাখিনি পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্নবোৰৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষিপ্ত উত্তৰ দিয়া : দুখৰ ক্ষেত্ৰত ভয়ৰ যি স্থান, আনন্দৰ ক্ষেত্ৰত উদ্যমৰো সেই একেই স্থান । কষ্ট আৰু ক্ষতি সহিবৰ কাৰণে সাহসৰ প্ৰয়োজন হোৱা কাৰ্যসমূহৰ আনন্দকে উদ্যম বুলি ক’ব পাৰি । কষ্ট আৰু ক্ষতিৰ স্তৰ অনুযায়ী উদ্যমৰো কেইটিমান স্পষ্ট ভাগ আছে । সাহিত্য সমালোচকসকলে ইয়াকে যুদ্ধবীৰ, দানবীৰ, দয়াবীৰ আদি ভাগত ভাগ কৰিছে । এইবোৰৰ ভিতৰত আটাইতকৈ প্ৰাচীন আৰু প্ৰধান হৈছে যুদ্ধক্ষেত্ৰৰ বীৰত্ব; য’ত আঘাত, কষ্ট আনকি মৃত্যুও নগন্য হৈ পৰে । ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা এই প্ৰকাৰৰ বীৰত্বৰ অনুশীলন হৈ আহিছে; য’ত সাহস আৰু প্ৰয়াস উভয়ে চৰম শিখৰ চুইছে । কিন্তু কেৱল দুখ আৰু যাতনা সহিব পৰা গুণৰ পৰাই উদ্যমৰ সৃষ্টি নহয় । ইয়াৰ সৈতে আনন্দপূৰ্ণ প্ৰয়াস আৰু উৎসাহ সংযুক্ত হ’ব লাগিব । অচেতন নকৰাকৈ ডাঙৰ ফোঁহা এটাৰ অস্ত্ৰোপচাৰ কৰাটো সাহস হ’ব পাৰে, কিন্তু তাক উদ্যম বুলি ক’ব নোৱাৰি । সেইদৰে নীৰৱে, হাত-ভৰি লৰচৰ নকৰাকৈ যুদ্ধৰ প্ৰহাৰ সহ্য কৰিবলৈ সাজু হৈ থকাটো সাহস আৰু কঠিনতকৈও কঠিন আঘাত সহ্য কৰিও নিজৰ ঠাইৰ পৰা আঁতৰি নোযোৱাটোক দৃঢ়তা বুলিব পাৰি । এনেকুৱা সাহস আৰু দৃঢ়তাক উদ্যম বুলি ক’ব পৰা যায়, যদিহে সাহসী আৰু ধৈৰ্যশীলজনে প্ৰহাৰ সহিবলগীয়া হোৱা কামটো আনন্দ মনেৰে গ্ৰহণ কৰে । মূলকথা এইটোৱেই যে আনন্দপূৰ্ণ প্ৰয়াস তথা ইয়াৰ আগ্ৰহতহে উদ্যম দেখা যায়, কেৱল নিষ্ক্ৰিয়ভাৱে কষ্ট সহি যোৱাত নহয় । দৃঢ়তা আৰু সাহস উভয়ে উদ্যমৰ মাধ্যমেৰে সঞ্চাৰিত হয় । দানবীৰ সকলৰ নিজৰ ধন-সম্পদ ত্যাগ কৰা আৰু তাৰ ফলত হ’ব পৰা ক্ষতি সহ্য কৰাৰ সাহস থাকে । প্ৰকৃত দান বা উদাৰতা বুলি তেতিয়াহে কোৱা হ’ব, যেতিয়া দান দিয়াৰ কাৰণে দান দিওঁতাজনে জীৱন নিৰ্বাহত কিবা প্ৰকাৰৰ সংকটৰ সম্মুখীন হ’বলগীয়া হয় । এই সংকটৰ পৰিমান যিমানে বেছি হয়, সিমানেই উদাৰতাৰ পৰিমানো বৃদ্ধি পায় । কিন্তু এই ধন-সম্পদ ত্যাগ কৰাৰ সাহসত যেতিয়ালৈকে আন্তৰিকতা, আগ্ৰহ আৰু আনন্দেৰে কৰা নেযায়, তেতিয়ালৈকে উদ্যমৰ প্ৰকৃত স্বৰূপো প্ৰকাশ নেপায় । যুদ্ধৰ উপৰিও পৃথিৱীত আৰু কিছুমান কঠিন কাৰ্য থাকে; য’ত চূড়ান্ত শাৰীৰিক কষ্ট সহিব লগা হয় । আনকি মৃত্যুৰ সম্ভাৱনাও থাকে । গৱেষণাৰ উদ্দেশ্যেৰে বৰফেৰে আবৃত সুউচ্চ পৰ্বত, চাহাৰা মৰুভূমি বা মেৰু অঞ্চলত কৰা ভ্ৰমণ, অচিনাকী গভীৰ অৰণ্যত বাস কৰা হিংস্ৰ, বৰ্বৰ জাতিৰ মানুহৰ মাজত প্ৰৱেশ কৰা আদি কামবোৰ সাহস আৰু পৰাক্ৰমৰ পৰিচায়ক । এনে কামবোৰ যদি মানুহে আনন্দপূৰ্ণ আগ্ৰহেৰে কৰে, সেয়াও একপ্ৰকাৰৰ উদ্যমৰে অভিব্যক্তি । (a) উদ্যমত সাহসৰ ভূমিকা সম্পৰ্কে স্পষ্টকৈ লিখা । (b) দৃঢ়তা বুলিলে কি বুজা যায় ? (c) উদ্যম কেনেদৰে আহৰণ কৰিব পাৰি ? (d) আনন্দপূৰ্ণ আগ্ৰহ আৰু উদ্যমৰ মাজত সম্পৰ্ক বিচাৰ কৰা । (e) দান দিওঁতাজনে দান দিয়া কাৰ্যৰ বাবে কি সহন কৰিবলগীয়া হয় ?

  6. 2026 · Assamese Compulsory Paper (Qualifying) · 60 marksMains

    তলত দিয়া কথাখিনিৰ সাৰাংশ এক-তৃতীয়াংশ শব্দৰ ভিতৰত লিখা । শিৰোনাম দিয়াৰ আৱশ্যকতা নাই । সাৰাংশ তোমাৰ নিজৰ ভাষাত লিখিব লাগিব । এগৰাকী ভাল শ্ৰোতা হ’ব পৰাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আকৰ্ষনীয় জীৱন কৌশলসমূহৰ ভিতৰত অন্যতম । তথাপিও আমাৰ মাজৰ বহু কম সংখ্যক লোকেহে এই কৌশলটো জানে । তাৰ কাৰণ এইটো নহয় যে আমি বেয়া, বৰঞ্চ তাৰ কাৰণটো হৈছে আমাক কোনোৱে এই বিষয়ে শিকোৱা নাই । ইয়াৰ সৈত্যে জড়িত আৰু এটা কাৰণ হৈছে যে মাত্ৰ কেইগৰাকীমানেহে আমাৰ কথা মনোযোগেৰে শুনে । সেইবাবে সামাজিক জীৱনত আমি আনৰ কথা শুনাতকৈ বৈছিকৈ নিজৰ কথা কোৱাৰ মোহত বন্দী হৈ পৰো । আনক লগ পোৱাৰ বাবে আমাৰ ব্যগ্ৰতা থাকে, অথচ তেওঁৰ কথা শুনাৰ আগ্ৰহ নেথাকে । ফলত লাহে লাহে বন্ধুত্ব এটা সমাজবদ্ধ ইগ’লৈ পৰিৱৰ্তিত হয় । ভাল শ্ৰোতাসকলে এনেকুৱা কিছুমান কাম কৰে যিবোৰ তেওঁলোকৰ সৈতে কটোৱা সময়খিনি উপভোগ্য কৰি তোলে । বহুক্ষেত্ৰত আমি একোটা এনে প্ৰসঙ্গৰ কথা আলোচনা কৰো, যিটো জৰুৰী, অথচ কেনেবাকৈ স্পষ্টও নহয় । তেনেকুৱা কিবা এটাৰ দ্বাৰা উৎসাহিত হৈ আমি ক’ব নোৱৰাকৈয়ে কথোপকথন আৰম্ভ কৰো । কেতিয়াবা আমি নিজৰ কামক লৈ উদ্বিগ্ন, কেতিয়াবা কৰ্মক্ষেত্ৰত কেৰিয়াৰৰ উচ্চাকাংক্ষাক লৈ চিন্তিত । আমি নিশ্চিত হ’ব নোৱাৰো দৰাচলতে আমাৰ কাৰণে কোনটো প্ৰয়োজনীয় । এইটো নে সেইটো – আমাৰ কাৰণে কোনটো সঠিক হ’ব নিশ্চিত নহয় । হয়তো এটা সম্পৰ্কত জটিলতা আহি পৰিছে, আমি কিবা এটাক লৈ অস্থিৰ হৈ পৰিছো । অথবা সামগ্ৰিকভাৱে জীৱনক লৈ নিৰাশ অনুভৱ কৰিছো (ঠিক কি হৈছে বা কি ঘটিছে খাটাংকৈ আঙুলিয়াই দিব পৰা নাই); অথবা আমি কিবা এটাক লৈ খুবেই উৎকন্ঠিত আৰু উৎসাহী, কাৰণটো কি ধৰিবলৈ সহজ নহয় । মূলতঃ এই সকলো বিষয়েই স্পষ্টতাৰ সন্ধান কৰে । ভাল শ্ৰোতা এজনে জানে যে খেলিমেলি হৈ থকা মানসিক অৱস্থাৰ পৰা আমি আন কাৰোবাৰ সৈতে কথা-বতৰা পতাৰ মাধ্যমেৰে অধিক শান্ত মানসিক অৱস্থালৈ যাব পাৰো । তেওঁলোকৰ সৈতে কথা পাতি আমি উলিয়াব পাৰিম – কথাবোৰ ক’ত জঁট লাগি আছে । কিন্তু বাস্তৱত সাধাৰণতে এইটো হৈ নুঠে । কাৰণ কথোপকথনৰ মাধ্যমেৰে স্পষ্টতা বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে পৰ্যাপ্ত পৰিমানে সজাগতা নাই । ভাল শ্ৰোতাৰ সংখ্যাও যথেষ্ট নহয় । গতিকে মানুহে বিশ্লেষণ কৰাতকৈ নিজৰ কথাতহে লাগি থাকে । তেওঁলোকে বিভিন্ন ধৰণে এই সত্যটোহে দোহাৰে যে তেওঁলোক উদ্বিগ্ন, উৎকন্ঠিত, দুখী অথবা আশাবাদী আৰু তেওঁলোকৰ কথোপকথনৰ সঙ্গীজনে হয়তো শুনে, কিন্তু গভীৰভাৱে বুজাত সহায় কৰিব নোৱাৰে । ভাল শ্ৰোতা এজনে কথোপকথন কৌশলৰ দ্বাৰা-এনেবোৰ পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিব পাৰে । আনে যেতিয়া কথা কয় ভাল শ্ৰোতাসকলে একাত্ম হৈ শুনে, তেওঁলোকে সমৰ্থনত উৎসাহপূৰ্ণ মন্তব্য দিয়ে, তেওঁলোকে কিছুমান ইতিবাচক ভঙ্গিমা প্ৰদৰ্শন কৰে-মূৰ দুপিয়ায়, কেতিয়াবা একোটা হুমুনিয়াহ কাঢ়ে, কৌশলেৰে ‘হুম’ বুলি উচ্চাৰণ কৰি আগ্ৰহ প্ৰদৰ্শন কৰে । গোটেই সময়ছোৱাত তেওঁলোকে কওঁতাজনক বিষয়বস্তুৰ আৰু গভীৰলৈ যাবলৈ উৎসাহিত কৰে । তেওঁলোকে প্ৰায়ে ক’বলৈ ভাল পায় ''মোক এই বিষয়ে আৰু অলপ বহলাই কোৱাচোন...'', ''তুমি সেই কথাটো কওঁতে মই বৰ আকৰ্ষিত হৈছিলো'', ''কিয় তেনেকুৱা হ’ল বুলি তুমি ভাবা'', অথবা ''সেই বিষয়ে তুমি কি অনুভৱ কৰা ?'' ভাল শ্ৰোতাই মনতে ধৰিয়েই লয় যে আন পক্ষৰ কথোপকথনত স্বাভাৱিকতে অস্পষ্টতা থাকিব । কিন্তু তাৰ বাবে তেওঁলোকে গৰিহনা নিদিয়ে বা অধৰ্য্য হৈ নুঠে । কাৰণ তেওঁলোকে জানে যে এই অস্পষ্টতা বিশ্বজনীন আৰু মানসিক অস্থিৰতাৰ প্ৰকাশ । এনে পৰিস্থিতিত সহায় কৰাটো ভাল বন্ধুৰ কৰ্তব্য । বহু সময়ত আমাৰ মনৰ মাজত কিবা এটা চলি থাকে । কিন্তু তাৰ কাৰণটো আমি বিচাৰি উলিয়াব নোৱাৰোঁ । আমাক কিহে আমনি কৰি আছে বা কিহে উৎকন্ঠিত কৰি আছে ধৰিব নোৱাৰোঁ । ভাল শ্ৰোতা এজনে জানে যে ক’বলৈ উৎসাহ পালে আৰু বেছি গভীৰলৈ গৈ বিস্তৃতভাবে কওঁ আৰু ইয়াৰ দ্বাৰা বহুলভাৱে লাভবান হওঁ । অমাক এনে এজন শ্ৰোতা লাগে যি উপদেশ দিয়াতকৈ দুটা তেনেই যাদুকৰী শব্দ কয় – ''কোৱা আৰু কোৱা'' । আমি সহোদৰ এজনৰ কথা উল্লেখ কৰোঁ আৰু তেওঁলোকে আৰু অলপ বৈছিকৈ জানিব বিচাৰে – শৈশৱত সহোদৰজনৰ সৈতে কেনে আছিল, পাছলৈ সময়ৰ লগে লগে সেই সম্পৰ্ক কেনেকৈ সলনি হল ইত্যাদি । আমাৰ উদ্বিগ্নতা আৰু উৎকন্ঠাৰ মূল কাৰণ কি সেই কথা জানিবলৈ তেওঁলোক সদায় আগ্ৰহী । তেওঁলোকে এনে ধৰণৰ প্ৰশ্ন সোধে – ''বিশেষকৈ সেই কথাটোৱেই তোমাক কিয় আমনি কৰে'', ''সেইটো তোমাৰ কাৰণে কিয় ইমান ডাঙৰ কথা আছিল'' । তেওঁলোকে আমাৰ আগৰ কথাবোৰ মনত ৰাখে, আমি আগতে কোৱা কিবা এটা কথা প্ৰসঙ্গক্ৰমে উনুকিয়াব পাৰে আৰু আমাৰ – এনে লাগে যেন তেওঁলোকে আমাৰ সৈতে অধিক ঘনিষ্ঠ হোৱাৰ ভেটি গঢ়ি তুলিছে । অস্পষ্ট মন্তব্য এটা কৰাটো তেনেই সহজ কাম । আমি সাধাৰণভাৱে কৈ দিব পাৰোঁ যে – কিবা এটা মৰম লগা, ভয়ানক, সুন্দৰ অথবা আমনিদায়ক । কিন্তু আমি বাস্তৱত এই কথা বুজিবলৈ প্ৰয়াস নকৰোঁ । কিয়নো সেইকথা আমি অনুভৱ নকৰোঁ । ভাল শ্ৰোতা এজনৰ আমাৰ মন্তব্যবোৰৰ বিষয়ে ফলপ্ৰসূ আৰু মৈত্ৰীভাৱৰ সন্দেহ কিছুমান থাকে আৰু তেওঁ সেইবোৰৰ অন্তৰালত লুকাই থকা পৃষ্ঠভূমি বিচাৰ কৰাৰ প্ৰয়াস কৰে । (645 শব্দ)

  7. 2026 · Assamese Compulsory Paper (Qualifying) · 20 marksMains

    তলৰ গদ্যাংশ ইংৰাজী ভাষালৈ অনুবাদ কৰা : প্ৰাচীন কালৰে পৰা জাহাজ চলোৱা কলা-কৌশলৰ বাবে ভাৰতীয় নাবিকসকল প্ৰসিদ্ধ । প্ৰায় 5000 বছৰৰ আগতেই সাগৰত তেওঁলোকে জাহাজ চলোৱা আৰম্ভ কৰিছিল । সেই সময়ত সমুদ্ৰ যাত্ৰাৰ কাৰণে মাত্ৰ কেইপদমান সঁজুলিহে উপলব্ধ আছিল । আজিকালিৰ দৰে আধুনিক সঁজুলিসমূহৰ ব্যৱহাৰ নাছিল । কিন্তু প্ৰাচীন কালৰ নাবিকসকলৰ বোধকৰোঁ ইন্দ্ৰিয়সমূহ অধিক সজাগ আছিল আৰু বতৰ সম্পৰ্কে অধিক জ্ঞান আছিল । তেওঁলোকে গ্ৰহ-নক্ষত্ৰসমূহ নিৰীক্ষণ কৰিব জানিছিল, বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰিছিল আৰু ৰং চাই সাগৰৰ পানীৰ গভীৰতা নিৰ্দ্ধাৰণ কৰিব পাৰিছিল । সামুদ্ৰিক জীৱসমূহক লক্ষ্য কৰি তেওঁলোকে স্থলভাগ কিমান দূৰত আছিল অনুমান কৰিব পাৰিছিল আৰু কেতিয়াবা একোখন দেশৰ ভৌগোলিক অৱস্থানো নিখুঁতভাৱে ক’ব পাৰিছিল । তেতিয়াৰ দিনত নৌবিদ্যা শিকাৰ কোনো অনুষ্ঠান নাছিল । গতিকে তেওঁলোকে যি শিকিছিল সেয়া আছিল প্ৰয়াস আৰু প্ৰমাদৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা । কেতিয়াবা দুৰ্ঘটনাও সংঘটিত হৈছিল । কিন্তু তেওঁলোকৰ সাহস আৰু আত্মবিশ্বাসে সমুদ্ৰযাত্ৰা বাহাল ৰাখিবলৈ অনুপ্ৰাণিত কৰিছিল । এই শক্তিৰ ভৰসাতে তেওঁলোকে পশ্চিমত পাৰস্য উপসাগৰ, পূবে আফ্ৰিকাৰ উপকূল, সুদূৰ পূৰ্ব ইণ্ডোনেচিয়া, কম্বোদিয়া, অন্নাম, বৰ্ণিয়, শ্যেলিবিছ আদি দ্বীপসমূহত উপস্থিত হ’বলৈ সক্ষম হৈছিল । 1920 খ্ৰীষ্টাব্দৰ আৰম্ভনি কালতহে নৌবিদ্যা প্ৰশিক্ষণৰ আধুনিক যুগ আৰম্ভ হৈছিল । স্বাধীনতাৰ পৰৱৰ্তীকালত ভাৰতত পৰিৱৰ্তনৰ এক মধুৰ ঢৌ উঠিছিল । ভাৰতত জাহাজ চলা পৰম্পৰাৰ যি সূৰ্য কেই শতিকামানৰ আগতে অস্ত গৈছিল, সেই সূৰ্য পুণৰবাৰ উদিত হৈ উজলিবলৈ আৰম্ভ কৰিছিল । ভাৰতীয় জাহাজ চলাচলৰ এই পৰম্পৰা বৰ্তমান সঠিক দিশেৰে অগ্ৰসৰ হৈছে ।

  8. 2026 · Assamese Compulsory Paper (Qualifying) · 20 marksMains

    তলত দিয়া গদ্যাংশ অসমীয়া ভাষালৈ অনুবাদ কৰা : Orientation for entrepreneurship has to start right from the schools. In schools, teachers need to highlight the role of entrepreneurship in national development. During college, students must be exposed to business development opportunities and must be trained towards the creation of new enterprises. Parents should encourage their children to take up new ventures after their education. We should cultivate a mindset that ‘Idea is wealth’. The government must create a facilitating environment for the provision of venture capital for innovative ideas without collateral security. Universities and engineering and management institutions should work with banks and other funding agencies towards simplifying procedures for setting up businesses and working with entrepreneurs till the project becomes self-sustaining and viable. Procedures in government should facilitate the spotting and recognition of new Indian talent in entrepreneurship by creating a level playing field for healthy competition. Citizens who can afford it should turn themselves into angel investors or start venture capital organizations to fund such new ventures. Big and small industries need to have an open mind in order to encourage and partner with young entrepreneurs.

  9. 2026 · Assamese Compulsory Paper (Qualifying) · 40 marksMains

    (a) তলত দিয়া জতুৱা খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা : (i) হাতত সাৰে ভৰিত সাৰে (ii) পেটতে হাত ভৰি লুকা (iii) হাড়ক মাটি কৰ (iv) নাম ৰাখ (v) মূৰে কপালে হাত দে (b) তলত দিয়া ফকৰা-যোজনা দুটাৰ ভাব-সম্প্ৰসাৰণ কৰা : (i) হস্তীৰো পিছলে পাৱ সজ্জনৰো বুৰে নাও (ii) সাপ মাৰি নেগুৰত বিহ থোৱা (c) তলত দিয়া শব্দবোৰৰ, প্ৰতিটোৰে একোটাকৈ বিপৰীত অৰ্থবাচক শব্দ লিখা : (i) সুগম (ii) এলেহুৱা (iii) স্বাধীন (iv) হৰ্ষ (v) অহিংসা (vi) পৰিষ্কাৰ (vii) ৰোগী (viii) গুণ (ix) মিত্ৰ (x) অসুবিধা (d) তলত দিয়া বাক্যাংশসমূহ এটা শব্দত প্ৰকাশ কৰা : (i) আনৰ ভাল দেখিব নোৱাৰা (ii) যি তিৰোতাই ধান দায় (iii) একে মাকৰ সন্তান (iv) সোণৰ দৰে উজ্জ্বল বৰণ (v) যি মানুহে নিজৰ দেশক ভাল পায় (vi) ঈশ্বৰ আছে বুলি বিশ্বাস নকৰা লোক (vii) হঠাতে হোৱা যি ঘটনা (viii) কাপোৰ বব জনা তিৰোতা (ix) গোটেই জীৱন জুৰি (x) যাক লংঘন কৰিব নোৱাৰি